0 00 1 min 2 yrs 48

বসন্তৰ পুৱা

নিস্তব্ধতা ভেদি ভাঁহি আহিল
বহাগৰ বতৰা। 
একেই সেই কুলিৰ মাত
নাই কোনো কৃত্রিমতা… 
শান্ত আজি পৃথিৱী
অশান্ত জীৱন
বহাগৰ এই মধুৰক্ষণত 
নিৰূপণ কৰিছে ক’ৰনাই 
সংজ্ঞা জীৱনৰ… 
কোনোৱে পেটৰ ভোকত
কোনোৱে পথৰ দাঁতিত 
চিঞৰিছে বাৰম্বাৰ… 
বিচাৰি সংজ্ঞা জীৱনৰ। 
ব্যস্ততাপূৰ্ণ জীৱনবোৰ। আজি
মৃত্যু উপত্যকাত ওলমি ৰোৱা… 
একো একোটা জীয়া কবিতা। 
ক’ৰনাৰ এই মৃত্যু উপত্যকাত 
জীৱনৰ মূল্যই বা ক’ত? 
ৰঙালীৰ ৰঙ আজি নাই কাৰোৰে চকুত! 
সকলো অতীত। 
বলিবনে এজাক সুখ-সন্ধানী বতাহ ? 
য’ত নাথাকিব মৃত্যুৰ সংবাদ! 
দুশ্চিন্তা,আৰ্তনাদ… 
নে সেই তাহানিতে মহেন্দ্র দাই কোৱাৰ দৰেই এইবাৰ… 
“বিহু নহৈ হ’ব বৰ বিহ”! 
ভাৰ্গৱ কুমাৰ নাথ। 
মৰিগাঁও। 
৬০০১৮৭৫৫৭৮

Leave a Reply

Your email address will not be published. Required fields are marked *