0 00 1 min 5 yrs 205
দুপৰ নিশা কোন বাৰু ৰাজপথত
সাৰ -সুৰ নোহোৱা নিমাত ৰাতি
কাৰ বাৰু বিকত চিঞৰ
  কোন বাৰু তাই ?
আউলী-বাউলী চুলিৰে 
চাদৰৰ আঁচল সামৰি
আগবাঢ়িছে এজনী নাৰী
আৰু চিঞৰীছে অসহায় হয়
   মোক ৰক্ষা কৰা
ধৰ্ষিতা নহয় মই ;বেশ্যা নহয় মই
মোক বচোৱা
কিন্তু তাইৰ কাতৰ চিঞৰ
কোনেও কৰা নাই ভ্ৰক্ষেপ
অসহায় হৈ আগবাঢ়িছে তাই
পিছে পিছে দৌৰিছে এদল মানুহ
ধৰ্‌ তাইক ধৰ কলংকিনী হয় তাই
ডাইনী হয় তাই –
কৰুণ হিয়া বিননি শুনিৱলৈ কোনো নাই –
জনশূণ্য ৰাজপথত
তাই যেন অসহায় হৈ পৰিল।

Leave a Reply

Your email address will not be published. Required fields are marked *