.. সি শুনিব পৰাকৈ এই বাক্য কেইটা কওঁতে বৰ কষ্ট অনুভৱ কৰিলোঁ ! অথচ সংবেদনশীল হ’ব নোৱাৰে সি। মানুহৰ কথাবোৰ যেন তাৰ বুকু ফালি সোমোৱাইহে দিব লাগিব তেনে লাগিল ! কিযে ভগৱানটো ? হয়তোবা মঙহত চিকুটি দিয়া সংবেদন কিম্বা মৰম বুলাই দিয়া আঙুলিবোৰেই তাৰ বাবে শ্ৰেষ্ঠ। কিনো বেমাৰ এইটো ? মাজে মাজে সি লিখি দিয়ে তাৰ নাম হেনো ‘জগৎজ্যোতি’। কোনো সময়ত সি এখন ছেলফিৰো কামনা কৰি মোৰ ওচৰলৈ আহিছে । সি পকেটৰ পৰা কিবা এটা খচখচাই উলিয়াই এটিএম এখন ব্যৱহাৰ কৰাৰ অঙ্গীভঙ্গীও দেখাইছে। মাজে মাজে বুকুখন ধিপধিপাই অনিল কাপুৰৰ দৰে প্ৰেমিকাৰ সৰু সৰু কথাবোৰ কৈছে। হালুৱা আচাৰীডালে লাচিতৰ ৰূপ লৈ হেংদান দেখাইছে। হিন্দী অভিনেতাৰ অভিনয়েৰে সি অলেখ কাৰুকাৰ্য কৰিছে। সি দেখাতো সুনীল চেট্টীৰ দৰে। মুকাভিনয় বোৰ মইনুল হকৰ দৰে। মাজে মাজে সি মাল খোৱা চিপাহীজনো হৈ পৰিছে। কিন্তু কোননো সি ?
তাৰ পৰিচয় এনেকৈ পাইছিলোঁ। প্ৰথম জনৰ সংবাদত “সি নৈৰ পাৰত বাঁহী বাই, তই কথা ক’লেও বুজিকে নাপাই, শুনি নাপাই সি। সি গৰখীয়াৰ বাঁহী বজায়। আমি তাৰ বহাত মাজে মাজে যাও, ভাল লাগে ..
দ্বিতীয় জনৰ সংবাদত “হেই সি অকৰাহে। তাৰ নাম শংকৰ। সি চাপৰিত থাকে। ”
বিদায়ৰ পৰত তাৰ জন্মান্ধ চকুটি এখিলা সৰাপাত হৈ পৰা যেন লাগিল বিষণ্ণ বুকুখনত ! এই এইচাটি বিষাদ ..
—————–
অনুপ অসমীয়া