0 00 4 yrs 96
জীৱনত এয়েইটো প্ৰেম
গভীৰ প্ৰেমৰ সূতে
সকলোকে চুই যায় যৌৱনত
এই বলিয়া প্ৰেম
এইয়াই নেকি অনাদি প্ৰেমৰ লিলা
আঘোণৰ পথাৰত মই যে আছিলো
ধান দায়
তই যে দাঙৰী কান্ধত লৈ
চাও নাচাও কৈ
চাই আছিলি।
মই কাচিখন হাতত লৈ
তোলৈ লাজে লাজে
চাই আছিলো
পথাৰৰ মাজত তই যে
সুহুৰি মাৰিছিলি
আজিও ভাহি আছো অ মোৰ দুচকুত
সেই দিনবোৰৰ স্মৃতি।
এনেকৈ য়ে চোন হৈছিল তোৰ মোৰ
মাজত গোপন প্ৰেম।
বহাগৰ বিহুত মই নাচনি
তই যে ঢুলীয়া
তই ঢোল বজালে
কিমান যে ভাল লাগিছিল
মোৰ বিহু নাচি।
যৌবনৰ বাহ উতলি  উঠিছিল
আমাৰ মাজত
এইয়াই টো আছিল
তোৰ মোৰ মাজত গোপন প্ৰেম
এইয়াই টো যৌৱন
এইয়াইটো প্ৰেম

Leave a Reply

Your email address will not be published. Required fields are marked *