0 00 3 yrs 137
বোকাখাতৰ গজৰাজ হোটেলত মূখ্য মন্ত্ৰী সোনোৱাল, কলপাতত পুৰি আৰু পেৰাৰ সোৱাদ ললে মূখ্য মন্ত্ৰী গৰাকীয়ে।মূখ্য মন্ত্ৰী হোৱাৰ আগতেও এই হোটেলতেই পুৰি চাহৰ জুতি লৈছিল ,আজি ও পাহৰা নাই সেই পুৰি আৰু পেৰাৰ সোৱাদ। সোমবাৰে সোনাৰিৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰাত বোকাখাতৰ গজৰাজ হোটেলত পুনৰ পুৰি,পেৰাৰ জুতি ললে। মুখ্যমন্ত্ৰী গৰাকীয়ে অাগন্তক অসমৰ চাৰিখন বিধানসভা সমষ্টিৰ উপনিৰ্ব্বাচনত একক সংখ্যা গৰিষ্ঠত জয়লাভ কৰিব বুলি মত পোষন কৰে । লগতে বোকাখাতৰ পুৰিৰ প্ৰশংসা কৰি আত্ম সন্তোষ্টি লভে। মুখ্যমন্ত্ৰীক সংগ দিয়ে বিধায়িকা আঙুৰলতা ডেকা আৰু জগদীশ ভূঞাই । অসমৰ ৰাইজলৈ আগন্তক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published.