0 00 1 min 5 yrs 200

বোকাখাত, ২৯ ছেপ্তেম্বৰঃ
বোকাখাত সত্যনাৰায়ণ সেৱা সদনত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ নিমোদিয়াৰ অভিনন্দন গ্ৰন্থ ‘কৰ্মপ্ৰাণ’ৰ উন্মোচনী আৰু ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰী শ্ৰী সত্যনাৰায়ন সেৱা সদনত অনুষ্ঠিত এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া ওৰফে ৰাজু দা ৰ অভিনন্দন গ্ৰন্থ “কৰ্মপ্ৰাণ ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া” শীৰ্ষক গ্ৰন্থখন শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ জেষ্ঠ্য আজীৱন সদস্য, গৱেষক ড: শ্ৰামভদ্ৰ মেধিয়ে। অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিটা  ভাষাত প্ৰকাশিত গ্ৰন্থখনিত ৰাজুদাৰ সমাজৰ প্ৰতি থকা অৱদান আৰু দায়বদ্ধতা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অনুষ্ঠান প্ৰজ্বলন ৰাজেন্দ্ৰ নিমোদিয়াৰ  জীৱনৰ ওপৰত আলোকপাত কৰে অৰুন ফুকন, জিতুশৰ্মা ৰাজখোৱা, অন্নদা শইকীয়া,ভৱেশ শইকীয়া, অপূৰ্ব বৰদলৈ,বিজয় প্ৰসাদ খাদৰিয়া, বুবুল দত্ত আদিয়ে বক্তব্য প্ৰদান কৰে। মুঠ ৩০ টা সংগঠনে ৰাজহুৱা সম্বধনা জনোৱা অনুষ্ঠানত আবেগিক মন্তব্য প্ৰদান কৰে ৰাজু দাই। কাজিৰঙা নিউজ নেটৱকৰ সচিৱ প্ৰদ্যোত মহন্ত আৰু মহেশ অগ্ৰৱালে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে বৰগীত পৰিবেশন কৰে শিশু শিল্পী বৰ্ষাগ্নী ডেকাই আৰু বন্তি প্ৰজ্বলন কৰে ৰাজু দাৰ মাতৃ তাৰা মনী নিমোদিয়াই।

পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *