0 00 1 min 5 yrs 215
        যানবাহন আৰক্ষীৰ তালাচীত উদ্ধাৰ হ’ল নগাওঁৰ পৰা চুৰি হোৱা মটৰ চাইকেল। যোৱা ২৫ জুলাই তাৰিখে নগাঁৱৰ লংকাৰ পৰা চুৰি হৈছিল AS02Q 3845 নম্বৰৰ এখন বাজাজ এডভেঞ্জাৰ । মটৰ চাইকেলখন চোৰে ঘৰৰ গ্ৰিল ভাঙি চুৰি কৰি আনিছিল। মটৰ চাইকেলৰ গৰাকী ইচমাইল চিদ্দিকে নগাঁৱৰ ৰূপহী থানাত এজাহাৰ দাখিল কৰিছিল। বোকাখাতত সঘনাই হৈ থকা মটৰ চাইকেল দূৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ২৬ জুলাই তাৰিখে বোকাখাত থানাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেল চালকৰ লাইচেঞ্চ, হেলমেট  তথা নথি পত্ৰ পৰীক্ষা কৰি প্ৰায় ১৫০ খনৰো অধিক বাইক জব্দ কৰিছিল। উক্ত দিনা তালাচীত নগাঁৱৰ পৰা চুৰি হোৱা বাইখনো জব্দ কৰিছিল যান বাহন আৰক্ষীয়ে। আৰক্ষীয়ে বাইক খন জব্দ কৰাৰ পাছত সেইদিনা চোৰে বাইকখন বোকাখাত থানাৰ চৌহদতে এৰি পলায়ন কৰিছিল। কিন্তু পৰবৰ্তী সময়ত পুনৰ চোৰে বোকাখাত  থানাৰ পৰা কৌশলে বাইক খন নিয়াৰ চেষ্টা কৰিছিল কিন্তু বাইকৰ নথি পত্ৰ দাখিল কৰিব নোৱাৰ বাবে আৰক্ষীয়ে বাইক খন মুকলাই নিদিলে । আজি নগাঁৱৰ ৰূপহী থানাৰ পৰা আৰক্ষী আৰু বাইক খনৰ প্ৰকৃত মালিক আহি উপস্থিত হোৱাতহে বাইকখন চুৰি বুলি গম পায়। বোকাখাত থানাৰ তালাচীত উক্ত বাইক খন জব্দ নোহোৱা হলে নিশ্চিত ভাৱে ডিমাপুৰত বিক্ৰী কৰিলে হেতেন চোৰ চক্ৰই। বোকাখাত থানাৰ এনে কাৰ্য্যক সকলোৱে শলাগ লৈছে।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *