0 00 1 min 4 yrs 160
বোকাখাত, ৩১ আগষ্টঃ অসমৰ বৃহত্বৰ চাহ বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ অভাৱ-অভিযোগ, আৱেগ-অনুভুতিৰ হকে মাত মাতিবৰ বাবে ১৯৪৭ চনত জন্ম হৈছিল অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৷ আৰু এই আটছাৰ প্ৰতিষ্ঠাপক সভাপতি-সম্পাদক আছিল ছাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্প ৷ প্ৰতিষ্ঠাপক দুই সভাপতি-সম্পাদকৰ সোঁৱৰণত পোন প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত এখন প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ললে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ সেই উদ্দেশ্যে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ আটছাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি জগদ্বীশ বৰাইকৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে আটছাৰ বোকাখাত শাখাৰ সভাপতি কুমুদ কালিন্দীয়ে ৷ প্ৰতিষ্ঠাপক দুই সভাপতি-সম্পাদক ছাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্পৰ বিষয়ে বক্তব্য আগবঢ়ায় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৱণ বেদীয়াই ৷ বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভণি অনুষ্ঠানৰ লগতে লীগৰ তিনিখন, ছেমি-ফাইনেল খেল এখন আৰু মূল ফাইনেল খেলখনৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে ৷ লগতে দুটা জ’নত অনুষ্ঠিত হ’ৱ লগা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনৰ  বিষয়ে বক্তব্য প্ৰদান কৰি প্ৰতিযোগিতাখনত ১৬ দল ৰখাৰ কথা অৱগত কৰে ৷ জ’ন একত যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, বোকাখাত, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় আৰু চৰাইদেউ ৷ জ’ন দুইত কোকৰাঝাৰ, শোনিতপুৰ, বাক্সা, কামৰূপ (মেট্ৰ’), বিশ্বনাথ, নগাঁও, লক্ষিমপুৰ আৰু ওদালগুৰি দলৰ মাজত অনুষ্ঠিত হ’ব বুলি অৱগত কৰে ৷ জ’ন একৰ খেলসমূহ বোকাখাতৰ উপৰিও তিনিচুকীয়া আৰু ডিমৌত অনুষ্ঠিত হ’ব ৷ সেইদৰে জ’ন দুইৰ খেলসমূহ তেজপুৰ, গহপুৰ আৰু মাজবাটত অনুষ্ঠিত হ’ব ৷ আনখন ছেমি-ফাইনেল তেজপুৰত অনুষ্ঠিত হ’ব ৷ প্ৰাইজমানী হিচাপে বিজয়ী দলক নগদ এক লাখ টকাৰ লগতে ট্ৰফীৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব ৷ বিজীত দলক নগদ ৫০ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰিব ৷ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈক পাঁচ হাজাৰ টকা, শ্ৰেষ্ঠ গলদাতাক পাঁচ হাজাৰ টকা, শ্ৰেষ্ঠ গলকীপাৰক নগদ পাঁচ হাজাৰ টকাৰ লগতে লীগ খেলৰ প্ৰতিগৰাকী শ্ৰেষ্ঠ খেলুৱৈক নগদ এক হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি সভাত সদৰি কৰে ৷ সাধাৰণ সভাতেই প্ৰাইজমানী ফুটবল খেলখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াক সভাপতি, জগদীশ বৰাইক আৰু অনিত গড়ক যুটীয়া সম্পাদক হিচাপে লৈ এখন অভৰ্থনা সমিতিখন গঠন কৰে ৷ ছাইমন-সন্তোষ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন অক্টোবৰ মাহৰ ১৩ তাৰিখে বোকাখাত ৰাজহুৱা খেলপথাৰ আৰম্ভণি অনুষ্ঠানৰ লগতে লীগৰ প্ৰথমখন খেল আৰম্ভ হ’ব বুলি আজিৰ সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ সমগ্ৰ প্ৰতিযোগিতাখনৰ বাবে পাঁচ লাখ টকা নিৰ্দ্ধাৰণ কৰা হয় ৷
পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *