0 00 1 min 4 yrs 215
বোকাখাত : ৯ ডিচেম্বৰ : 
বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অহা ২৭ , ২৮ ,২৯ আৰু ৩০ ডিচেম্বৰ তাৰিখে চাৰিদিনীয়া কাৰ্যসুচীৰে ২৮ সংখ্যক অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ বিশেষ উদ্যোগত অনুষ্ঠিত হব লগা এই প্ৰতিযোগিতা প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে ৷ আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত এক সংবাদ মেলত এই কথা অৱগত কৰে আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুবোধ বৰাই ৷ প্ৰতিযোগিতাত অসমৰ ৩৮ খন জিলা ৰ ভিতৰৰ ৩৬ খন জিলাৰ  ২০০০ পুৰুষ আৰু ৭৩০ গৰাকী মহিলা খেলুৱৈয়ে যোগদান নিশ্চত কৰিছে বুলি আয়োজক সমিতিয়ে জনায় ৷ ৰাজ্যৰ দুখন জিলা ক্ৰমে ধুবুৰী আৰু মাজুলী য়ে বিশেষ কাৰণ বশত: এই প্ৰতিযোগিতাত অংশ গ্ৰহন নকৰে বুলি সংবাদ মেলত সদৰি কৰে আয়োজক সমিতিয়ে ৷ ২৭ ডিচেম্বৰত হব লগা প্ৰতিযোগিতাৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালে অংশ গ্ৰহন কৰি প্ৰতিযোগিতা উদ্বোধন কৰিব ৷ এই অনুষ্ঠানতে বোকাখাতৰ দুজন প্ৰবীন খেলুৱৈ অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতুল ফুকন আৰু বেডমিন্টনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন সুশান্ত বৰাক সম্বৰ্ধনা জনাব উদযাপন সমিতিয়ে ৷ এই প্ৰতিযোগিতাত বয়সৰ আধাৰত ২৩ টা বিভাগৰত মুঠ ২২ শাখাত খেল অনুষ্ঠিত হব ৷ প্ৰতিযোগিতাত লক্ষীমপুৰ জিলাৰ পৰা  সৰ্বাধিক আৰু ওদালগুৰি জিলাৰ পৰা সৰ্বনিম্ন প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিব ৷ গৃহ জিলা হিচাবে বোকাখাতৰ ৪৪ জন পুৰুষ আৰু ২২ গৰাকী মহিল প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিব ৷ ইফালে  প্ৰতিযোগিতাত ৯০ বছৰ উৰ্ধৰ ৬ গৰাকী খেলুৱৈয়ে যোগদান নিশ্চত কৰিছে  ৷ ইয়াৰে এজন হ’ল বোকাখাতৰ বদুলীপাৰৰ উপেন বৰুৱা ৷ মুঠ ১০০ পৰিচালক আৰু স্বেচ্চাসেৱক লগতে প্ৰায় ৩০০ কৰ্মকৰ্তাই প্ৰতিযোগিতা পৰিচালিত কৰিব ৷ থকাৰ সু ব্যৱস্থা কৰা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ শিল্পী  ৰত্নেশ্বৰ মৰাং ৰ পৰিচালনাত এটি সমবেত গীত আৰু প্ৰতিযোগীতাৰ লগত সংগতি ৰাখি নক্ষত্ৰ নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হব বুলি আজিৰ প্ৰেছ মেলত অৱগত কৰে আয়োজক সমিতিয়ে ৷ প্ৰতিযোগিতাৰ বাবে প্ৰায় ২৮ লাখ টকাৰ এখন বাজেট প্ৰস্তুত কৰিছে আয়োজক সমিতিয়ে আৰু ইয়াৰে নুমলীগড় শোধনাগাৰে ৩ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতিও দিছে ৷ আজিৰ সংবাদ মেলত আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুবোধ বৰা , জিলা সন্থাৰ সভাপতি ৰেবকান্ত হাজৰিকা, সাধাৰণ সম্পাদক দ্বীপেন শইকীয়া আৰু উপদেষ্টা কেশৱ উপাধ্যায় উপস্থিত থাকে ৷
পপী শইকীয়া 
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *