0 00 1 min 4 yrs 148
২৯।০৫।২০১৯
বোকাখাতত
বোকাখাত আৰক্ষীয়ে আজি বোকাখাত মহকুমা,আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বোকাখাতৰ বিভিন্ন স্থানত আৰক্ষী আৰু যানবাহন আৰক্ষীয়ে বোকাখাত ছাত্ৰসন্থাৰ সহযোগত অভিযান চলাই ড্ৰাগছ সেৱন কৰা আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা ৫ জন যুৱকক আটক কৰে আৰু ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ৷ অভিযানত আটক কৰা ৫ জনকৈ যুবক দীৰ্ঘ দিনৰ পৰা ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ আসক্ত ৷ যুৱককেইজন হল ৪ নং দ গাৱঁৰ ৰাতুল বৰা, বিষ্ণুপুৰৰ দীপজ্যোতি কলিতা, সাপজুৰিৰ সুব্ৰত অধিকাৰী, ৩ নং দ গাৱঁৰ ৰিজু দাস আৰু আৰক্ষীৰ অভিযানৰ উমান পাই পলাবলৈ চেষ্টা কৰা ইকৰাজানৰ ৰাজ মেদকক AS 05 C0519 নম্বৰৰ CITY RIDE গাড়ী ৰ পৰা ধৰিবলৈ সক্ষম হয়। লগতে বহু পৰিমাণৰ চিৰিঞ্জ, ভাং আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ হয়। ইতিমধ্যে অব্যাহত আছে অভিযান। লগতে আৰক্ষী আৰু ছাত্ৰসন্থাৰ কৰ্মীয়ে নিজৰাপাৰাৰ এজন ব্যক্তিৰ বাসগৃহত এখন ভাংবাৰীও ধ্বংস কৰে ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *