0 00 1 min 4 yrs 208
আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মদিন ৷ আজিৰ দিনটোৰ পৰাই দেশত প্লাষ্টিক বৰ্জন, আৰু নিষিদ্ধকৰণৰ বাবে ভাৰত চৰকাৰে দেশৰ জনগণক আহ্বান জনাইছে ৷ সমান্তৰালকৈ বোকাখাত চহৰটো প্লাষ্টিক বৰ্জনৰ বাবে সজাগতা ৰেলী বাহিৰ কৰে ৷ বোকাখাত পৌৰসভাৰ অন্তৰ্গত ১০৪ টা আত্মসহায়ক গোটৰ মহিলাই পুৱাই বোকাখাত নগৰৰ মাজেৰে এক সজাগতা ৰেলী বাহিৰ কৰাৰ লগতে নগৰখনত চাফাই অভিযান চলায় ৷ আনহাতে বোকাখাতৰ লুইত ইন্টাৰনেচনেল একাডেমীৰ উদ্যোগতো পাষ্টিক বৰ্জন আৰু স্বচ্চতাৰ বাণীৰে বোকাখাত নগৰৰ মাজেৰে এক ৰেলি বাহিৰ কৰে।  সজাগতা ৰেলী বাহিৰ কৰাৰ লগতে একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে প্ৰস্তুত কৰা কাগজৰ বেগ বোকাখাত দৈনিক বজাৰৰ ব্যৱসায়ী সকলৰ মাজত বিতৰণ কৰে ৷ইয়াৰ লগতে বোকাখাত অনাথ আশ্ৰমৰ কন কন শিশুসকলে কাগজ আৰু কাপোৰৰ মোনা প্ৰস্তুত কৰি বোকাখাতৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানক প্ৰদান কৰি প্লাষ্টিক মুক্ত নগৰ হিচাপে গঢ়ি তুলিবলৈ বোকাখাত বাসীক আহ্বান জনায়।
পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *