১০ চেপ্তেম্বৰঃ
: বিজেপি দল খিচিৰি দল ৷ বিজেপি দলত এতিয়া অপৰাধীয়ে ভৰি পৰিছে ৷ অগপই বিজেপিৰ লগত মিত্ৰতা কৰি থকাতকৈ বিজেপিৰে চামিল হৈ যোৱাই ভাল ৷
এক আধাৰশিলা অনুষ্ঠানত বোকাখাতত এই মন্তব্য কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ ৷ বৰ্তমান সময়ত বিজেপি দলত অপৰাধীয়ে ভৰি পৰিছে ৷ যাৰ বাবে বিজেপি দল এতিয়া খিচিৰি দলত পৰিণত হৈছে ৷ বিজেপি দলে এসময়ত গালি পাৰি থকা বহু কংগ্ৰেছী নেতা এতিয়া বিজেপি দলৰ লগত একেখন টেবুলতে বহি আছে ৷ বিজেপিৰ একাংশ নিষ্ঠাৱান কৰ্মীয়ে নিজৰ দলটোকেই চিনি নোপোৱা বুলি মন্তব্য কৰে ৷ বিজেপি দলত যোগদান কৰাৰ লগেলগে সেইসকল নেতাৰ সকলো কেলেংকাৰী তল পৰিল বুলিও মন্তব্য কৰে ৷ বোকাখাতত মঙ্গলবাৰে কেইবাটাও আধাৰ শিলা অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে কলিয়াবৰৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে ৷ এন আৰ চি সম্পৰ্কত কংগ্ৰেছে হে এন আৰ চিৰ কাম আৰম্ভ কৰিছিল ৷ কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবেই অসমত বসবাস কৰি থকা বহু লোকৰ নাম এন আৰ চিৰ পৰা নাম বাদ পৰা বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে ৷ ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত তালিকাত কাৰোবাৰ পুতেকৰ নাম আহিল যদিও কাৰোবাৰ জীয়েকৰ নাম নাহিল বুলি মন্তব্য কৰে ৷ কেব (CAB) সম্পৰ্কতো সাংসদগৰাকীয়ে তীৰ্যক মন্তব্য কৰে ৷ অগপ দলে কেবৰ বিৰোধিতা কৰি পঞ্চায়ত নিৰ্বাচন অকলে প্ৰতিদণ্ডিতা কৰিছিল ৷ কিন্তু লোকসভা নিৰ্বাচন মিত্ৰতাৰে খেলিলে ৷ অগপ দলে বিজেপিৰে মিত্ৰতা কৰি নিমাতী কন্যা হৈ থকাতকৈ বিজেপিৰে সৈতে চামিল হৈ যোৱাই ভাল বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ মঙ্গলবাৰে সাংসদ গৌৰৱ গগৈয়ে বোকাখাত সমষ্টি এলেকাত সাংসদ পুঁজিৰ ধনেৰে ৬ টা স্থানত আধাৰশিলা স্থাপন কৰে ৷

পপী শইকীয়া
বোকাখাত
বোকাখাত