0 00 1 min 4 yrs 144
   
  সমৰ তিনি গৰাকী জনপ্ৰিয় কন্ঠ শিল্পীক দেখা গ’ল ৰাইজৰ মাজত। কিন্তু এইবাৰ  সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত নহয় তাৰ বিপৰিতে দেখা গল  বানাক্ৰান্তৰ শিবিৰত। কন্ঠ শিল্পী মন্টুমনী, ভৃগু কাশ্যপ আৰু ৰাকেশ ৰিয়ান ব্যস্ত বানাক্ৰান্তক সহায় কৰাত। সোমবাৰে পুৱাভাগত গুৱাহাটিৰ পৰা আহি বোকাখাতত উপস্হিত হয় শিল্পী আৰু কলাকুশলীৰ দলটি। গুৱাহাটীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “প্ৰিয়বন্ধু”ৰ উদ্যোগত বিভিন্ন লাগতীয়াল সামগ্ৰী প্ৰদান কৰিলে বোকাখাতৰ ডিফলু পথাৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত। শিল্পী তিনিগৰাকীৰ লগত অহা সহযোগী সকলে বানাক্ৰান্ত সকলৰ মাজত চাউল, দালি, চিৰা, গুৰ, ফেনাইল, চাবোনৰ লগতে মহিলা সকলৰ বাবে অত্যাবশ্যকীয় সামগ্ৰী বিতৰণ কৰে। বানপানী কিছু কমিছে যদিও বানাক্ৰান্ত অঞ্চল সমূহত এতিয়াও বাসগৃহ সমূহ বসবাসৰ উপযোগী হৈ উঠা নাই যাৰ বাবে শিবিৰৰ পৰা ঘুৰি যোৱা লোক সকলে বসবাসৰ উপযোগিকৈ ঘৰখন নিৰ্মাণ আৰু পৰিস্কাৰ কৰি লব লাগিব।সেই সময়ত যাতে লোকসকলৰ কোনো খাদ্য সমস্যাই দেখা দিব নোৱাৰে তাৰ বাবে ১০ দিনৰ খাদ্য সামগ্ৰী প্ৰদান কৰিলে শিল্পী দলটোৱে। প্ৰিয়বন্ধুৰ সংস্থাৰ দ্বাৰা অসমৰ বিভিন্ন বানপ্ৰীড়িত অঞ্চলত পৰবৰ্ত্তী সময়ত বান সাহায্য প্ৰদান কৰাৰ কথা ব্যক্ত কৰে। প্ৰিয়বন্ধুৰ এনে সহযোগীতাক বানাক্ৰান্ত ৰাইজে শলাগ লৈছে।
পপী শইকীয়া

Leave a Reply

Your email address will not be published.