0 00 1 min 5 yrs 211

কাকচাং
২ অক্টোবৰ ১৯ :

বোকাখাতৰ সমীপবৰ্তি কৰ্বি পাহাৰৰ কাকচাং জলপ্ৰপাতত পুনৰ এজনৰ সলিল সমাধি।প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ কাকচাং জলপ্ৰপাতত দেওবাৰে ফুৰিবলৈ আহি পানীত ডুবি  মৃত্যুক আকোৱালি ললে গৌৰৱ গুপ্তা নামৰ যুৱক জন। যোৰহাটৰ বিমান সেৱা বাহিনীত কৰ্মৰত চাৰিজন বন্ধু দুখন মটৰ চাইকেলেৰে যোৰহাটৰ পৰা কাকচাঙলৈ আহিছিল আজি দিনৰ ভাগত। কাকচাং জলপ্ৰপাতত নামি আনন্দ উপভোগ কৰি থকা সময়তে গৌৰৱ পিছলি পৰে কাকচাঙৰ গভীৰ পানীত। সহযোগী তিনি বন্ধুৱে  গৌৰৱক উদ্ধাৰ কৰিব বিচাৰিছিল যদিও সাতুৰিব নজনাৰ বাবে পানীত নামিবলৈ সাহ নকৰিলে। অৱশেষত স্থানীয় লোকৰ সহযোগত দলামৰা আৰক্ষীক খবৰ জনায়। দলামৰাৰ আৰক্ষীৰ লগত দুঘন্টাৰ পাছত SDRF বাহিনী ঘটনাস্থলীলৈ আহি মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে গৌৰৱৰ মৃতদেহ বোকাখাত ছহীদ কমলা মিৰি চৰকাৰি চিকিৎসালয়লৈ আনি মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰনৰ ব্যৱস্থা কৰে। বিগত ২০১৮ বৰ্ষতো যোৰহাতৰ এজন যুৱক কাকচাঙত মৃত্যুমুখত পৰিছিল। পৰিতাপৰ বিষয় যে প্ৰশাসনে জলপ্ৰপাতৰ পানীত নানামিবৰ বাবে নিষেধাজ্ঞা জাৰি কৰি ৰখাৰ পাছতো সেই নিষেধাজ্ঞা আওকান কৰি মৃত্যুক আকোৱালি লৈছে কিছু লোকে।
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *