0 00 4 yrs 162
   

বোকাখাত আৰক্ষীয়ে গড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত বোকাখাতৰ শিলজুৰিৰ বিনোদ কৰ্মকাৰ আৰু জখলাবন্ধাৰ গোঁহাইবাৰীৰ কৃষ্ণ কৰ্মকাৰ নামৰ দুটা গড় চিকাৰী গ্ৰেপ্তাৰ কৰে ৷ বোকাখাত থানাৰ উপ পৰিদৰ্শক দেৱেন বৰাই যোৱা ২০ দিন নিৰৱচিন্ন ভাৱে চলোৱা অভিযানত এই সফলতা লাভ কৰে ৷ জখলাবন্ধাৰ কোটিপতি শিল ব্যৱসায়ী কৃষ্ণ কৰ্মকাৰে গড় হত্যাৰ পৰিকল্পনাৰে বোকাখাতৰ বিনোদ কৰ্মকাৰৰ লগত যোগাযোগ কৰি ডিমাপুৰৰ পৰা অস্ত্ৰ যোগাৰ কৰে ৷অস্ত্ৰবোৰ বিনোদৰ ঘৰৰ বাৰীৰ পাছফালে মাটিত পুতি ৰাখিছিল। গঁড় হত্যাৰ বাবে  শ্বুটাৰো মাতি আনিছিল যদিও আৰক্ষীৰ অভিযান কালত শ্বুটাৰটো পলাই যাবলৈ সক্ষম হয়  ৷ যোৱা নিশা বিনোদৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত এটা মেগজিন,7জাই সজীৱ গুলি ,এটা ৩০৩ ৰাইফল আৰু চাইলেঞ্চাৰ উদ্ধাৰ কৰে ৷

পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *