0 00 1 min 4 yrs 184

অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে গৰজি উঠিল আটছাকে ধৰি আছু আৰু গোৰ্খা ছাত্ৰ সন্থা ৷ এই ঘটনা বোকাখাতৰ ৷ যোৱা ১৯ ডিচেম্বৰৰ ঘটনা ৷ বোকাখাতৰ হাতীখুলি চাহ বাগিচাত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ সেই পথ দুৰ্ঘটনাত এটি কণমানি শিশুৱে মৃত্যু বৰণ কৰিছিল ৷ শিশুটিৰ মৃত্যুৰ পিছতে দুৰ্ঘটনা সংঘটিত কৰা কৃষ্ণ কৰ্মকাৰ নামৰ যুৱকজনে বোকাখাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে ৷ কিন্তু দুস্কৃতিকাৰীয়ে কৃষ্ণ কৰ্মকাৰৰ ঘৰৰ ক্ষতি সাধন কৰাৰ লগতে তেওঁৰ চাৰিচকীয়া বাহনখন ৩৭ নং ঘাইপথলৈ আনি জ্বলাই দিয়ে ৷ ইয়াৰ উপৰিও দুস্কৃতিকাৰীয়ে ঘটনাৰ বুজ ল’বলৈ যোৱা আটছা বোকাখাত শাখাৰ প্ৰাক্তন সম্পাদক অনিত গড়কো আক্ৰমণ কৰাৰ লগতে তেওঁ ঘৰৰো ক্ষতি সাধন কৰে ৷ ঘটনাই বিষম ৰূপ লোৱা দেখি আটছা বোকাখাত শাখাই বোকাখাত মহকুমা আৰক্ষী বিষয়া আৰু বোকাখাতৰ মহকুমাধিপতিক দুয়োৰে নিৰাপত্তা প্ৰদানৰ বাবে লিখিত আবেদন প্ৰদান কৰাৰ উপৰিও দোষী দুস্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী তোলে ৷ কিন্তু যোৱা তিনিটা মাহে মহকুমা আৰক্ষী বিষয়া কল্যাণ কুমাৰ দাসে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ বিপৰীতে দুস্কৃতিকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তোলে আটছা বোকাখাত শাখাই ৷ ইয়াৰ প্ৰতিবাদতে সোমবাৰে বোকাখাত আৰক্ষী থানাৰ সন্মুখত আটছা বোকাখাত শাখাই দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মহকুমা আৰক্ষী বিষয়া মূৰ্দাবাদ, গ’বেক, দাদাগিৰী নচলিব আদি ধ্বনিৰে পৰিবেশ উত্তাৱল কৰি তোলে ৷ লগতে কা বিৰোধী আন্দোলনৰ সময়ছোৱাত আন্দোলনত জড়িত থকা ছাত্ৰ নেতা, সাংবাদিক আৰু বোকাখাতৰ বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন গোচৰ জাপি দি মহকুমা আৰক্ষী বিষয়া কল্যাণ কুমাৰ দাসে হাৰাশাস্তি কৰাৰো অভিযোগ আছুকে ধৰি গোৰ্খা ছাত্ৰ সন্থাৰ ৷ প্ৰতিবাদৰ অন্তত মহকুমা আৰক্ষী বিষয়াক বদলিকৰণ, দোষীক উপযুক্ত শাস্তি, নিহত শিশুটিৰ পৰিয়ালক এককালিন অৰ্থ সাহাৰ্য, বাগিচা আৰু গাঁওসমূহত অবাধ চুলাই মদৰ ঘাটি উচ্ছেদৰ দাবীত দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

পপী শইকীয়া 
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *