
বোকাজানত পথ দুৰ্ঘটনাত ক্লিৰডাপ টিমুংপি নামৰ এগৰাকী যুৱতী নিহত যোৱা কালি ৰাতিপুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত হয় ।এখন স্কুটিক ট্ৰাক এখনে খুন্দা মৰাৰ ফলত ঘটনাস্থলীত স্কুটি আৰোহী যুৱতী গৰাকী নিহত হয়। ঘটনাটো বোকাজানত ২১ জুনৰ পুৱা প্ৰায় ১০ বজাত সংঘটিত হৈছিল যেতিয়া ASO9G4701 নম্বৰৰ এখন স্কুটীক এখন ট্ৰাকে খুন্দা মাৰিছিল। মৃত যুৱতী গৰাকী বালিপথাৰৰ ২০ বছৰীয়া ক্লিৰডাপ টিমুংপি বুলি চিনাক্ত কৰা হয় , তেওঁৰ দেউতাকৰ নাম চাৰফং টিমুং। বোকাজানলৈ গৈ থকাৰ সময়ত দুৰ্ভাগ্যবশত উক্ত ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।