0 00 1 min 2 yrs 164

আৰ্থিক সকাহ পাবলৈ ব্ৰইলাৰ ফাৰ্ম খুলি বিপদত পৰিল নাৰায়নপুৰৰ তিনিটাকৈ পৰিয়াল । ৰাজ্যত কৰুণা সৃষ্ট পৰিৱেশে বহু লোকৰ জীৱন আৰু জীৱিকাত ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে বহু পৰিয়ালে এসাঁজ খাবলৈ হাহাকাৰ কৰাৰ সময়তে নাৰায়পুৰত ব্ৰইলাৰ ফাৰ্ম খোলা আৰু ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ অপৰাধত তিনিটা পৰিয়াল বহিস্কৃত হ’ব লগা হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।এখন ভাগৱতী সমাজৰ নাৰায়নপুৰ শেনছোৱা ক শাখাৰ দুটা পৰিয়ালৰ এজন যুৱক আৰু এগৰাকী যুৱতীয়ে ব্ৰইলাৰ ফাৰ্ম খোলা অপৰাধত আৰু অন্য এটি পৰিয়াল ব্ৰইলাৰ কাটি বিক্ৰী কৰাৰ অপৰাধত সমাজৰ পৰা এঘৰীয়া কৰা হৈছে । এখন ভাগৱতী সমাজৰ প্ৰাথমিক সভাত লোৱা সিদ্ধান্ত মৰ্মে পুনেৰ্শ্বৰ দাস জুনু বৰা আৰু গোনিন দাসৰ এই ৩ টা পৰিয়ালক সভাপতি আৰু সম্পাদকে এখন পত্ৰ দি সমাজৰ পৰা বহিস্কাৰ তথা এঘৰীয়া কৰে।সমাজৰ সাংগঠনিক দিশত লক্ষ্য ৰাখি সমাজৰ নীতি উলংঘা কৰা অপৰাধত এই পৰিয়াল ৩টাক এঘৰীয়া কৰে। উল্লেখ্য যে ব্ৰইলাৰ ফাৰ্ম খুলি আৰু মাংস কাটি নিজে বিক্ৰী কৰি স্বাৱলম্বী হৈ পৰিয়াল পোহ পাল দিয়া লগতে স্বাৱলম্বিতাল নিদৰ্শন দাঙি ধৰা সময়তে এখন প্ৰাথমিক ভাগৱতী সমাজৰ বহিস্কৃত হোৱাৰ ঘটনাই পৰিয়াল কেইটাৰ মাজত হতাশাৰ সৃষ্টি কৰিছে। নাৰায়নপুৰৰ পৰা উজ্জল শইকীয়া REPORT

Leave a Reply

Your email address will not be published. Required fields are marked *