0 00 1 min 3 yrs 209

ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ ৷ সমান্তৰালভাৱে বিভিন্ন প্ৰান্তত ৰাজনৈতিক হিংসাৰ খবৰো াহি পৰিছে ৷ আজি ৬০নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বনপুৰা গাঁওটো ৰাজনৈতিক হিংসাৰ সৃষ্টি হয় ৷ কেকান-কাপলাবড়ী গাঁও পঞ্চায়তৰ অন্তৰ্গত বনপুৰা গাঁওত দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধীসহ কে’বাজনো বিজেপি কৰ্মীক গাঁওখনৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণৰ চেষ্টা চলায় ৷ অভিযোগ অনুসৰি বিৰাজ মেধীসহ কে’বাগৰাকীও বিজেপি কৰ্মীয়ে বনপুৰাৰ পথেৰে কাপলাবড়ী দিশে আহি থাকোতে অঞ্চলটোৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে বাট আগচি ধৰি প্ৰথমতে গালি গালাজ পাৰে আৰু পৰবৰ্তী সময়ত বিৰাজ মেধীসহ বিজেপি কৰ্মী কেইজনৰ লগত হতাহতিত লিপ্ত হয় ৷ স্থানীয় বিজেপি কৰ্মী বিল্লালুৰ ৰহমান নামৰ যুৱকজনৰ হাতত থকা মোৱাইল ফোনটোও কংগ্ৰেছ কৰ্মী এজনে কাঢ়ি নি দলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে বিৰাজ মেধীয়ে ৷ ইপিনে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধীক আক্ৰমণ কৰিবলৈ চেষ্টা চলাই যদিও কোনো মতে ঘটনাস্থলী ত্যাগ কৰাত আক্ৰমণৰ পৰা ৰক্ষা পৰে বিৰাজ মেধী ৷ ঘটনা সংক্ৰান্তত বিজেপি কৰ্মী লক্ষ্যধৰ মেধীয়ে দৌলাশাল আৰক্ষী চকীত কংগ্ৰেছ কৰ্মী হাচমত আলী,মাহাদুৰ ইছলাম,আবু ছৰোবাৰ,জিয়াউৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ বিৰাজ মেধীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে পৰাজয়ৰ শংকাত ভুগিত কংগ্ৰেছ কৰ্মীসকলে বিজেপি নেতা-কৰ্মী সকলক এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ 


সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *