0 00 2 yrs 38

বৰ আগ্ৰহেৰে ৰৈ আছোঁ,
এজাক বৰষুণৰ অপেক্ষাত,
এটোপ এটোপকৈ নামি আহিব,
পৃথিৱীৰ বুকুলৈ,
প্ৰাণ পায় উঠিব , 
লঠঙা প্ৰকৃতিয়ে
ভাল পাওঁ বৰষুণৰ শব্দবোৰ 
 ভাল পাওঁ বৰষুণৰ প্ৰতি টোপালেৰে নিগৰি অহা স্নিগ্ধ জোনাক।
চাই ভাল পাওঁ,,
বৰষুণৰ টোপালেৰে অকাঁ ছবি।
বৰষুণ বোৰ যেন
ডাৱৰ আৰু আকাশৰ 
অভিমানৰ টোপোলা।
ছিপ্ ছিপকৈ দিয়া সেই বৰষুণ জাকৰ মাজেৰে,
আমাৰ প্ৰথম চিনাকি,
আৰু চিনাকি নদীৰ পাৰত বহি বৰষুণৰ ক্ষণ গণা আবেলিবোৰ,
সচাঁকৈ ভাল লাগিছিল,
হয়তো সেয়ে বৰ বেয়াকৈ প্ৰেমত পৰিলোঁ,
সেই বৰষুণজাকৰ।
নৈৰ পাৰত বহি প্ৰায়ে অপেক্ষা কৰোঁ,
ভাল লগা বৰষুণজাকলৈ,
নৈৰ পানীত যেতিয়া বৰষুণৰ টোপালবোৰ সৰি পৰে,
এনে লাগে আকাশৰ পৰা নামি আহিছে মুকুতাৰ মণি।
বৰষুণত তিতি তিতি প্ৰায়েই ৰচোঁ,
প্ৰেম,বিষাদেৰে ভৰা এটি কবিতা।
কাৰণ মইয়ে সেই শব্দ প্ৰয়াসী ,
বৰষুণ ভাল পোৱা ছোৱালী জনী।
নীলা চৰাই
শিৱসাগৰ
নেমুগুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *