0 00 1 min 1 yr 14

আজিকালি প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ হ’ল “ভাইৰেল” । আজি বোলে আমুকৰ ভিডিঅ’ ভাইৰেল , কালি বোলে তামুকৰ ফটো ভাইৰেল । মুঠতে এয়া যেন নিত্ত-নৈমিত্ৰিক ঘটনা । কিন্তু ভাবি চাবলগীয়া কথাটো হ’ল সঘনাই এইবোৰ দেখি-শুনি থকাৰ পাছতো নৱপ্ৰজন্ম সজাগ নহয় কিয় ? ঘটনাটো ঘটাৰ কেইদিনমান পাছলৈকে সকলো সজাগ আৰু সচেতন  ঠিকেই কিন্তু তাৰ পাছতেই পাহৰি যায় সকলো । কিন্তু কিয় ? নিজক লৈ আমি সাৱধান নহয় কিয় ? ব্যক্তিগত কোনোবাই কিবা কৰিছে সেই বিষয়ে ক’বলগা একো নাই কিন্তু ভিডিঅ’ ৰেকৰ্ড কৰাটো জৰুৰী নেকি ? নিশ্চয় নহয় । তেনেহলে কিয় আমি নিজকে বিপদৰ মুখলৈ ঠেলি দিওঁ । ছোৱালী জনীয়েও পৰিয়াল তথা আত্মসন্মানৰ কথা এবাৰ ভবাটো উচিত নহয় নে ? পাছত লাজ তথা অনুতাপ কৰি লাভ কি যদি সময় থাকোঁতেই সজাগ নহয় । দূৰ্ঘটনা কোনেও জানি বুজি ইচ্ছামতে নঘটায় বুলি জানোঁ কিন্তু আমি যদি সাৱধান আৰু সচেতন হওঁ তেন্তে পাছত অনুতাপ কৰিব লগা নহয় । 

 কিছুমান মানুহৰ মুখত প্ৰায়ে এষাৰ কথা শুনিবলৈ পোৱা যায় যে “কপালত যি লিখা আছে সেয়া হ’ব ই ।” এতিয়া কথাটৈ হ’ল ছোৱালী জনীৰ গুপন ভিডিঅ’টো ভাইৰেল হ’ব লাগে বুলি ভগৱানেহে লিখি দিলে নেকি ? সজাগ হওক , সচেতন হওক । বাস্তৱৰ সৈতে মুখামুখি হ’বলৈ শিকক । সকলো ক্ষেত্ৰতে ভগৱানক দুখ নিদিব । 
ৰশ্মি কলিতা

Leave a Reply

Your email address will not be published. Required fields are marked *