১. আন্ধাৰত
এপলক নিজক চাবা
ছাঁ বিহীন তোমাক তুমি চিনি পাবা
২. দুখবোৰ
চাকি চাব পৰা হ’লে
পেণ্ডুলামৰদৰে ওলমাই থ’লোহেঁতেন
পাছফালৰ বেৰৰ নি:কিন গজালটোত
৩. আঁকিব খুজিছিলো
অস্তগামী সূৰুযৰ ছবি
তুলিকাত জিলিকিল পুৱাৰ হেঙুলীয়াখিনি
৪. বিৱৰ্ণ ৰাতিবোৰে
আওৰাই আছিল শীৰ্ণতাৰ নষ্ট গদ্য
নগ্ন ভাস্কৰ্যত ছিটিকি পৰিছিল তাৰেই এফোঁটা পোহৰ
৫. চোতালত
উৎসৱৰ দিনবোৰ শেষ হ’ল
সৰাপাতৰ বুকুত ৰৈ গ’ল তাৰেই অতনু অনুভৱ
৬. বুকুত উমলে
এজাক ক্লান্ত জোনাকী
শিশিৰকণাইও জানে তৃপ্তিৰ অতীত মাধুৰী
৭. শযাত্ৰী সকল
এইবাটেদি নীৰৱে পাৰহৈ গ’ল
কোঠাৰ ডাষ্টবিনটোত
এখিলা উকা কাগজ সশব্দে পৰি ৰ’ল
মনালিছা শইকীয়া, বোকাখাত