দিনৰ পিছত আন্ধাৰেৰে আৱৰা

একোটা কলা নিশা নেকি মই?
নে সেই সপোনৰ ৰজা মই
যি সপোন কেতিয়াও পূৰ্ণ নহয়?
সেই ৰাজ্যৰ কোঁৱৰ নেকি মই
যি ৰাজ্য আজিও অস্তিত্বহীন?
নে সেই প্ৰেয়সীৰ প্ৰেমিক মই
যি প্ৰেয়সী আজিও বিৰাজমান নহয়।
সেই পথৰ পথভ্ৰষ্ট পথিক নেকি মই
যি পথৰ কোনো অন্তনাই।
নে সেই ভগা দাপোনৰ এটা টুকুৰা মই 
যি কাঁহানিও যোৰা নালাগে।
সেই লুইতৰ পানী নেকি মই
যি উপৰি দেখাত শান্ত কিন্তু ভিতৰি খৰস্ৰোতা।
নাই নাই এইবোৰ কোনোটোৱে নহয় মই।
মই সেই অধম কবি
যাৰ কোনো নিজা ঠিকনা নাই।
যাৰ কোনো নিজা পৰিচয় নাই।
✍🏻কিৰণ জয় চাউদাং

Leave a Reply

Your email address will not be published. Required fields are marked *