0 00 2 yrs 41
         মনি ডেকা

জানা অনামিকা..
শীতৰ সেমেকা ৰাতিবোৰত
একুৰা জুইৰ উত্তাপ লৈ তোমাক কাষত বহুৱাই
কিমান যে মন যায় কবিতা শুনিবলৈ |
তোমাৰ মৰমৰ উত্তাপবোৰো চাগৈ
একুৰা জুইৰ সমানেই  উমাল
নহয়নে অনামিকা ?
কেতিয়াবা মৰমৰবোৰ চুই চাবলৈ
বৰকৈ মন যায় জানা  ?
হৃদয় খনে যে তোমাকেই বিচাৰি
হাঁহাঁকাৰ কৰে ও..
তোমাৰ বাৰু মোক লৈ কেনেকুৱা অনুভৱ হয়?
 কবানে ?
মই কি ভাবো জানা অনামিকা..
দুখন হৃদয়ৰ মৰমবোৰে..
বাট বিচাৰি নাপায় কিজানি অগা দেৱা কৰে,
মৰমৰ পদুলিত ফুলা 
 গোলাপপাহঁ ছিঙিবলৈ যাওঁতে
কিমান বাৰ যে আঙুলিবোৰত কাঁইটে বিন্ধে |
 অনুভৱ নহয় বেদনাৰ
কিয়নো প্রিয়তমাৰ বাবে গোলাপ যে
শ্রেষ্ঠ উপহাৰ..|
অনামিকা …
মৰমবোৰ ওলমি ৰয় গোপনে হৃদয়ৰ নিভৃতত
কেনেকৈনো কওঁ তোমাক
তুমি অবিহনে যে উকা হৃদয়ত
আন কাৰোৱেই  স্থান নাই |
অকলশৰীয়া সময়বোৰত
শুনিবলৈ পাওঁ মাথো এটি সুৰ…
“মই তোমাক ভাল পাওঁ মৰম”
আস্……
কিমান যে সুমধুৰ ..
জীৱনৰ কোঁহে কোঁহে সোণসেৰীয়া মৰমবোৰ
অণুৰণিত হৈ বাজি থাকে অহৰহ্
এক সুৰৰ মূৰ্চনাহৈ..|

Leave a Reply

Your email address will not be published. Required fields are marked *