0 00 1 min 4 yrs 185

সাপৰ লগত খেলা কৰা
জুই মাজত জাপ দিয়া 
একে কথা….
এখন মুক্ত আকাশ আছিল
ৰ’দালিয়ে জিলমিল কৰিছিল
তাই কয় মই মুক্ত…
মই কওঁ…
মই তোমাতকৈও মুক্ত…..
পাহাৰ-পর্বত, আকাশ-পাতাল
সকলোতে যাব পাৰোঁ মই…
নাই আশা ,নাই ভৰষা
নাই কোনো লগৰীয়া…
য’তে ৰাতি ,ত’তে কাতি
হ’ব পাৰো মই…
মই এটি মুক্ত বিহংগিনী
ৰাণীৰ দৰে মোৰ মন
তথাপিও থাকো মই
বন্ধ কাৰাগাৰত…৷
মোৰ এখন হৃদয় আছে
মানুহ ভাল পোৱাৰ…
তাতে জ্বলে পপীয়া তৰা….
দূৰ আকাশৰ পৰা….৷
     
শ্রী মতী তৰা বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *