0 00 1 yr 29

 লাহে তোমাৰ কবিতাবোৰে 

মোৰ হিয়াত খলকনি তুলিব ধৰিছে ৷
শব্দৰ পাপৰিবোৰ খিচৰিত হৈ পৰিছে 
বুকুৰ বাহিৰে ভিতৰে ৷
মোৰ নিশাহত বিয়পি পৰিছে সেই সুবাস ৷
কবিতাবোৰে মোক সপোন দিয়ে….
কবিতাবোৰে মোক হেঁপাহ দিয়ে……
দিয়ে জীৱনৰ প্রকৃত অৰ্থ ৷
উপলদ্ধি কৰাই মোৰ অস্তিত্বক 
কবিতাবোৰে মোক স্পৰ্শ দিয়ে
মোক ভালপোৱাও দিয়ে
মোক যন্ত্রণাও দিয়ে ৷
লাহে লাহে মই তোমাৰ নে 
তোমাৰ কবিতা বোৰৰ গভীৰভাবে
প্রেমত পৰিছো ৷
মই উন্মনা হৈ পৰো..
মই ব্যাকুল হৈ পৰো..
মই কাতৰ হৈ পৰো..
তোমাৰ প্রেমত নে 
তোমাৰ কবিতাবোৰৰ প্ৰেমত নাজানো৷
কিন্তু তোমাৰ কবিতাই মোক 
বাৰে বাৰে  প্রেমত পেলায় ৷
তোমাৰ কবিতাই লৈ যায় মোক 
দূৰ অতীতত এৰি অহা 
মোৰ স্মৃতিৰ পথাৰখনলৈ ৷
আঃ ইমান বিষাদময় সেই পথাৰৰ বতাহ ?
মই উশাহ লব নোৱাৰা হৈ পৰো ৷
একেই আছে সেই পথাৰ 
একেই সেমেকা জোনাক …
একেই উকা চৌপাশ ৷
মই স্মৃতিকাতৰ হৈ পৰো ৷
মই উচুপি উচুপি কান্দো ৷
তেতিয়ায়ে তোমাৰ কবিতাবোৰে 
দুবাহুৰে সাৱতি মোক লৈ আহে
বৰ্তমানৰ পৃথিবীলৈ ৷
মই সুখী হৈ পৰো
কবিতাৰ সান্নিধ্যত..
ইমান মধুৰ তোমাৰ কবিতাৰ শব্দ ?
ইমান মিঠা তোমাৰ কবিতাৰ সুৱাস?
ইমান গভীৰ তোমাৰ কবিতাৰ অৰ্থ?
লাহে লাহে মই তোমাৰ ???
নাজানো মই তোমাৰ প্ৰেমত পৰিছো নে
তোমাৰ কবিতাৰ প্রেমত ৷৷
✍ গীতাঞ্জলী শইকীয়া(গীতু)

Leave a Reply

Your email address will not be published. Required fields are marked *