0 00 3 yrs 147

মন মতলীয়া ফাগুনৰ বতৰত
মোৰ প্ৰেমৰ ৰঙীন দলিছাত
সিঁচৰিত হৈ আছে
এক অলেখ অযুত সপোন
ফাগুন ফাগুন ফাগুন
তুমিয়েইতো অনিবা
মোৰ হৃদয়ৰ শুকান মৰুভূমিত
প্ৰেম নামৰ সেই অপূৰ্ব বতৰা।
তোমাৰ বাবেই আজি মোৰ
দেহ মন উত্তাৱল
সিঁচি দিয়া 
প্ৰেম নামৰ সেই মলয়া জাক
মোৰ হৃদয়ত।
অপেক্ষা কিহৰ?
          উৎপল গোস্বামী

Leave a Reply

Your email address will not be published.