0 00 1 min 3 yrs 229

উত্তৰ যোৰহাটৰ ৩১ নং মধ্য চাৰিগাঁও পঞ্চায়তৰ উদ্যোগত আজি উজনি কছাৰিপৰীয়া গাঁৱৰ পৰা বাঘমৰা পটিয়াগাঁও তিনিআলিলৈকে ক’ভিড নিয়ন্ত্ৰণৰ উদ্দেশ্যে ছেনিটাইজেশ্বন কৰা হয়।

উল্লেখ্য, উজনিকছাৰীপৰীয়া গাঁৱত ১৫জন কভিড পজিটীভ ৰোগী ধৰা পৰে।ছেনিটাইজেশ্বন কাৰ্যসূচীত গাঁও পঞ্চায়তৰ সভাপতি বুবুল চন্দ্ৰ দত্ত,আঞ্চলিক সদস্য বিপুল কুমাৰ দত্ত, খণ্ড সদস্য প্ৰাঞ্জল দত্ত আৰু উজনিকছাৰীপৰীয়াৰ যুৱকবৃন্দ্ই বিশেষ ভাৱে সহায় কৰে।

পৰৱৰ্তী সময়ত গাঁও পঞ্চায়তৰ অধীনস্থ ক’ভিড ৰোগী চিনাক্ত হোৱা অঞ্চলসমূহৰ লগতে ব্যৱসায়িক অঞ্চলসমূহতো ছেনিটাইজেশ্বন কৰা হব বুলি পঞ্চায়তৰ সভাপতিয়ে জানিবলৈ দিয়ে ।



জানিব পৰা মতে গাঁও পঞ্চায়তখনত ৪২জনৰো অধিক ক’ভিড ৰোগী চিনাক্ত হৈছে ।
(জগন্নাথ)

Leave a Reply

Your email address will not be published. Required fields are marked *