0 00 1 min 4 yrs 112
উৎসৰ্গ: সকলো আইৰ হাতত
১. তোৰ কোলাত শিতান পাতিম
তোৰ দুখৰ আঙুলিবোৰ উমলিব
মোৰ মেঘবৰ্ণ চুলিৰ ঢৌত
উভতি আহিবনে
আই দুখৰ দিনত সুখ॥
২. আঁজলিপাতি তুলি ধৰিম তোৰ মুখ
বিষাদবিহ্বল মুখত ফুলিবনে এপাহি ফুল
আই
তোৰ স’তে আকুল অন্তৰংগ হিয়া
সুখে দুখে তুমুৰলি আমাৰ কলিজা॥
৩. আই
দিনবোৰ গলি গলি শেষ হয়
দুখৰ ভৰত শোকৰ শেতেলী উজাগৰে ৰয়
তোকনো কি কওঁ আই
এতিয়াযে ময়ো কাৰোবাৰ আই॥

Leave a Reply

Your email address will not be published. Required fields are marked *