0 00 1 min 2 yrs 2

 দিয়া বেলিৰ হেঙুলীয়া ৰহন লাগি  

চৰাই চুবুৰীৰ আবেলিটো বৰণীয়া হৈছিল 
কংক্ৰিটৰ অৰণ্যত এজোপাই মাথো গছ
তাতেই আটোমটোকাৰীকৈ সজা চৰাই চুবুৰীটো
গছজোপা ৰ’দজাকত জিলিকি উঠিছিল আৰু 
নিমাতে নিতালে হেঙুলখিনি গাত সামৰি থৈছিল
নতুন দিনৰ অভিনৱ প্ৰতিশ্ৰুতিৰে
নতুন পুৱাৰ বিমুগ্ধ ছবিখনি বুকুতবান্ধি
বেলি পাতত বহিল, ধৰালৈ সন্ধিয়া নামিল
চৰাই চুবুৰীৰ বনৰীয়া চৰাইজাকে 
কিচিৰ মিচিৰ মাতেৰে কোৰ্হাল কৰি কৰি 
ছাদৰ পানীত সিহঁতৰ তেলপিছল পাখিবোৰ
জুৰুলি জুপুৰিকৈ কটালি আছিল আপোনপাহৰি
তেতিয়ালৈকে চৰাই চুবুৰীৰ চৰাইজাকে 
ঘুণাক্ষৰেও জনা নাছিল ৰাতিৰ অকথ্যবোৰ
মৰ আঁউসীৰ ৰাতিটোত পোহৰৰ মেলা বহিব
আকাশ আৰু পৃথিৱী কঁপাই শব্দৰ সমদল হ’ব
চৰাই চুবুৰীৰ চিকুণ চৰাইবোৰে 
পোহৰ উৎসৱৰ আন্ধাৰ সমদলত 
চটফটাই চটফটাই ভাগ ল’ব লাগিব

Leave a Reply

Your email address will not be published. Required fields are marked *