সুখে-দুখে কোঙা কৰা এই জীৱন। নৈৰ সোঁতৰদৰেই চিৰপ্ৰৱহমান জীৱনৰ সোঁত। সময়ৰ অলেখ আকুতিয়ে কত ৰং ছটিয়াই জীৱন কৰি তুলিছে জাতিস্কাৰ। কত ফুল ফুলিছে, কত ফুল সৰিছে! সেউজীয়া কত পাতৰ বুকুত লিখা হৈছে জীৱনৰ অলিখিত কাহিনী। জীৱনে কৰবাত হাঁহিছে, কৰবাত কান্দিছে আৰু নজনাকৈ নুবুজাকৈ কৰবাত খন্তেক ৰৈ জিৰাইছে। অহৰহ গতি এই জীৱনৰ।
জীৱন অ’ হালধীয়া সৰিয়হ এডৰা বুকুতে ফুলি বুকুতে সৰিল। কোনেও তাৰ উমানকে নাপালে। ৰ’দে বৰষুণে কাতৰ হৈ বীজবোৰ তলিতে জহি পমি গ’ল। তথাপিও সৰিয়হ ডৰাই আজিও হাতবাউল দিয়ে। সকাতৰে জীৱনৰ বতৰা সোধে। বুকুৰ মাজলৈ এজাক মাটিমৌৱে তাঁতবাটি কৰে….