0 00 4 yrs 206

হিনৰ কুঁৱলীয়ে ঢাকি ৰখা সন্ধিয়াটিত

ৰোমন্থনত ব্যস্ত তোমাৰ সতে কটোৱা
মধুৰ সময়বোৰৰ ,
জানা মেঘ মল্লিকা ?
তোমাৰ দুচকুৰ চাৱনিত
মই যেন চগা হৈ পুৰিছিলো |
কি এক যাদুগৰী মোহত মোহাবিস্ত
সেই সময়ৰ প্রতিটো পল অনুপল
চঞ্চলা হৰিণীজনীৰ দৰেই
জপিয়াই জপিয়াই দৌৰিছিলা
মোৰ ওচৰলৈ |
দুহাতেৰে সাৱটি কৈছিলা..
জানা মৰম…
 এই সময় স্থৱিৰ হৈ ৰওঁক আমাৰ বাবে
হে আকাশ, হে বতাহ তোমালোকে গোৱা
মধুৰ মিলনৰ সুমধুৰ সঙ্গীত |
এই সময় আমাৰ হৈ ৰওঁক
এই সময় সাক্ষী হৈ ৰওঁক
আমাৰ যুগজয়ী প্রেমৰ |
তোমাৰ সেই কথাবোৰে
আজিও বুকুত
 বৰকৈ খোচা বিন্ধাকৰে জানা !
সময় বৰ নিষ্ঠুৰ মেঘমল্লিকা
ই আনৰ সকলো কাঢ়ি
নিজে ধনী হয় |
আজি মই ভাগৰুৱা…
নিজৰ সকলো হেৰুৱাই
এখন ৰিক্ত হৃদয় 
আৰু ভঙা কঁলিজাটি হাতত লৈ
বিচাৰি ফুৰিছো আপোন অস্তিত্ব |
মনত পুহি ৰাখো এটি আশা,
অমাৱস্যাৰ আন্ধাৰ বিনাশি
কিজানিবা ভুমুকি মাৰেই
এমুঠি সুখৰ জোনাক !!

Leave a Reply

Your email address will not be published. Required fields are marked *