0 00 5 yrs 174

     যোৱা ১৩ জুনত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই বোকাখাতৰ মহকুমা হস্পিতালত চাডেন ভিজিট দি ৩ জন চিকিৎসকক কৰ্তব্যত অনুপস্থিত থকাৰ বাবে এজনক নিলম্বন আৰু ২ জনক শাস্তিমুলক বদলিৰ নিৰ্দেশ দিয়ে ৷ সেই দিনৰ পৰাই সম্পূৰ্ণ বন্ধ হৈ আছে অস্ত্ৰোপচাৰ কক্ষ ৷ বন্ধ হৈ আছে দন্ত চিকিৎসকৰ কক্ষ ৷ প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ বাবে দুজন প্ৰসূতি বিভাগৰ চিকিৎসকৰ এগৰাকী দীৰ্ঘদিনৰ ছুটিত আছে ৷ আনজন আছে যদিও এনাস্থেচিয়া চিকিৎসকক মন্ত্ৰীৰ শাস্তিমুলক বদলিৰ নিৰ্দেশৰ ফল ভুগিছে সাধাৰণ জনতাই ৷ প্ৰয়োজনীয় ঔষধো নাই চিকিৎসালয়ত ৷ যাৰ বাবে ডেপুটি চুপাৰিটেণ্ডেন্ট গৰাকীয়ে বিশেষ পুজিৰ পৰা ঔষধ ক্ৰয় কৰিব লগা হৈছে ৷
মন্ত্ৰীৰ চাডেন ভিজিটৰ নাটকৰ পাছত ৰোগীৰ দুৰ্গতি চাব কোনে ? বোকাখাতৰ জনসাধাৰনক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিব কোনে?

(পপী শইকীয়া )
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *