0 00 1 min 6 yrs 219

তোমাৰ মৰমৰ প্ৰেমিকাজনীৰ কথা
মনত পেলোৱাচোন ?
সি তোমাৰ কি ভালপোৱা নাছিল
বাঘ এটাৰ স’তে  সি এতিয়া অৰণ্য  এটাত থাকে ।
তোমাৰ চুলি আৰু চুলিৰ গোন্ধ
সি তোমাৰ কি ভালপোৱা নাছিল
তোমাৰ দুৱাৰ আৰু  দুৱাৰৰ আল্তাৰাচ
সি দেখোন  সদায় আজলী হৈছিল ;
তোমাৰ দাপোণ আৰু দাপোণৰ চিৰনী
সি দেখোন সদায় হাঁহিৰ খঙাল  হৈছিল
সি তোমাৰ কি ভালপোৱা নাছিল
তোমাৰ ছাঁদৰ বুকুত
সি দেখোন সদায় ৰ’দৰ পোহৰ  পাইছিল ।
তোমাৰ বুকুৰ চোতালত
আল-জিভাৰ পানী পেলাইছিল
বগৰী জোপাই!
সি দেখোন সদায় কেনটিন এটাৰ কাষত ৰৈ আছিল ।
প্ৰতিটো দিন আৰু ৰাতিৰ আৰম্ভনিত,
তোমাৰ খবৰ লৈছিল
সি তোমাৰ কি ভালপোৱা নাছিল

Leave a Reply

Your email address will not be published. Required fields are marked *