0 00 1 min 4 yrs 79
শাওনৰ পথাৰৰ বোকাময় বুকুখন
ৰোৱনীৰ লিহিৰি আঙুলিৰ পৰশত
সেউজীৰে ভৰি পৰিছে
লাহে লাহে সেউজীবোৰ গাভৰু হৈছে
সোনোৱালী আঁচলে ঢাকিছে গাভৰু  দেহাটি
দিন বাগৰি যাব
লখিমী সাজ পিন্ধি জিলিকিব
হালি-জালি নাচিব আঘোনৰ পথাৰত
সোনোৱালী সোনগুটি হৈ
তাতেই বুকু জুৰাব ক’ত কৃষকৰ
হাতত কাঁচি লৈ ঘৰৰে লখিমী
সোনোৱালী পথাৰত নামে
মুঠি মুঠি কৰি সোনোৱালী শইচ
হেঁপাহেৰে বুটলি আনে।।
                        মমী কলিতা
                        

Leave a Reply

Your email address will not be published.