দুহাততে ল’ম বুটলি
বিয়পাই দিম সুবাসৰ সুগন্ধি
দুবৰিৰ পাতত নিয়ৰৰ কণা বিচাৰি
শাৰদী ৰানী আহিল নামি
ন-ৰূপেৰে সাজি-কাঁচি
দিলেহি ৰঙৰ আবিৰ সানি
দীঘল চুলিটাৰি
সজল চকুযুৰি
ৰঙা গোলাপৰ ওঠ দুটি
কিযে অপৰূপ সৃষ্টি
মা দেৱীৰ।।
মমী কলিতা
টিহু