0 00 1 min 5 yrs 93
     

       মায়ানগৰী গুৱাহাটী । ব্যস্ততাৰে ভৰা প্ৰতিটো জীৱন । অহা আহিছে, যোৱা গৈছে । সকলো যেন নিজৰ-নিজৰ কামত ব্যস্ত । কাৰো ফালে উভতি চোৱাৰ আহৰিয়ে নাই । কিন্তু ৰাতি হ’লেই যেন নামি আহে বিভিন্ন ধৰণৰ আতংক । বিশেষকৈ নাৰী তথা যুৱতীসকলৰ বাবে । অৰ্থাৎ মহানগৰীৰ বুকুলৈ নিশা নামি আহিলেই কিছুমান দুষ্ট চৰিত্ৰৰ লোকে মহিলাসকলক আক্ৰমণৰ ( যৌন নিৰ্যাতন) লক্ষ্য কৰি লয় । দিনত ভদ্ৰতাৰ মুখা পিন্ধা লোকসকলে ৰাতি আন্ধাৰৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায় । বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলক বেছিকৈ লক্ষ্য কৰি লোৱা দেখা যায় । ৰাজপথৰ ঠায়ে – ঠায়ে নাই লাইটৰ সু-ব্যৱস্থা । ফলত কু অভিপ্ৰায়ৰ লোকসকলে সুবিধা পায় যুৱতীসকলৰ ওপৰত জপিয়াই পৰিবলৈ । মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলৰ পৰা প্ৰায়ে এনেধৰণৰ অভিযোগ শুনিবলৈ পোৱা গৈছে । আশাকৰোঁ প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব আৰু মহিলা তথা যুৱতীসকলৰ নিৰাপত্তা বৃদ্ধি কৰিব । 

Leave a Reply

Your email address will not be published. Required fields are marked *