
মানিকপুৰত বানৰ পিছত এইবাৰ গৰাখহনীয়াৰ তাণ্ডৱ। আই নদীৰ গৰাখহনীয়াৰ কবলত সৰ্বস্বান্ত ২০ টাককৈ পৰিয়ালৰ লগতে বিদ্যালয়, মছজিদ অনুষ্ঠান প্ৰতিষ্ঠান।বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বানপানীৰ পিছত এইবাৰ আই নদীৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে ।সমষ্টিটোৰ মাজেৰে বৈ যোৱা আই নদীৰ তীব্ৰ সোঁতে ব্যাপক খঁহনীয়াৰ সৃষ্টি কৰিছে। জিলা খনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰপেট আৰু টিলাপাৰাত এদিনতে উটুৱাই নিলে কুৰি খনৰো অধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভেটি মাটি। মজিবৰ ৰহমান, ৰেজ্জাক আলী, ইব্ৰাহিম আলী, কছেৰ আলী, বাক্কাৰ আলী, আনাৱাৰ হুছেইন, বদিউদ জামাল মকছেদ আলী আদি সকল গৰাখহনীয়াৰ কবলত পৰি এতিয়া সৰ্বশ্ৰান্ত হৈ পৰিছে।ৰাজহুৱা মছজিদ, ২৪৭ নং বালাৰপেট ভাণ্ডাৰা প্ৰাথমিক বিদ্যালযখনো গৰাখহনীয়াৰ কবলত পৰিছে। শ-শ বিঘা কৃষিভূমি ইতিমধ্যে নদীত জাঁহ গৈছে। ইমানৰ পিছতো কিন্তু বালাপেট, টিলাপাৰা বাসীৰ খবৰ লবলৈ আহৰি নাই স্হানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে জিলা প্ৰশাসনৰ। গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা স্থানীয় লোকে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।সংবাদ দাতাঃ আব্দুল ।