0 00 1 min 2 yrs 164

মানৱ সম্পদ গঢ়াত ব্ৰতী থকা বৰক্ষেত্ৰীৰ অৰূপ বৰ্মনে দেখুৱাইছে আন এক নিদৰ্শন ৷ক’ৰোনাকালৰ সময় সৎ ব্যৱহাৰ কৰি নিবনুৱাক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ ৷Anchorমানৱ সম্পদ সৃষ্টি কৰাত ব্ৰতী হৈ থকা নলবাৰী জিলাৰ বৰক্ষেত্ৰী বৰতলাৰ এগৰাকী শিক্ষকে নিবনুৱা যুৱক-যুৱতী সকলক দেখুৱাইছে আন এক নিদৰ্শন ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তথা মধ্যম বৰক্ষেত্ৰী মৌজাৰ বৰতলা গাঁৱৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰীক্ষিত বৰ্মনৰ কনিষ্ঠ পুত্ৰ তথা মুকালমুৱাস্থিত ফ্লোৰেঞ্চ স্কুলৰ অধ্যক্ষ অৰূপ বৰ্মনে ক’ৰোনাকালত বিদ্যালয় বন্ধ হৈ পৰাত নিজ গৃহতে মৎস্য আৰু হাঁহ পালন কৰি সমাজত চৰ্চিত হৈ পৰিছে ৷ ক’ৰোনাকালত বিদ্যালয় বন্ধ হৈ পৰাত আৰ্থিকভাৱে জুৰুলা হৈ পৰা ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে কোৰোনাকালৰ সময়বোৰ সৎ ব্যৱহাৰ কৰি প্ৰথমতে এখন হাঁহ ফাৰ্ম স্থাপন কৰে ৷ সম্প্ৰতি পাঁচশতকৈ অধিক হাঁহ উপলব্ধ হৈ আছে ফাৰ্মখনত ৷ স্থানীয় এজন যুৱকক হাঁহ ফাৰ্মত নিয়োগ কৰি অৰূপ বৰ্মনে সমাজত আন এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াভাৱে গৃহৰ পিছফালৰ পুখুৰীত মৎস্য পালন কৰিবলৈও লয় অৰূপ বৰ্মনে ৷ পুখুৰীত ৰৌ,বৰালী,ভকুৱা,চিতল ইত্যাদি মৎস্য পালন কৰি সমাজত চৰ্চিত হৈ পৰিছে ৷ ফ্লোৰেঞ্চ স্কুলৰ অধ্যক্ষ গৰাকীয়ে অতিমাৰীৰ এই জটিল সময়খিনিত বহি নাথাকি মৎস্য আৰু হাঁহ পালনেৰে লাভাম্বিত হৈ পৰাৰ সমান্তৰালভাৱে সমাজৰ নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বীতাৰ পথ দেখুৱাইছে ৷ উল্লেখ্য যে ২০০৭ চনত দিল্লীস্থিত গুৰু জাম্বেশ্বোৱাৰ ইউনিভাৰচিটিৰ পৰা অৰূপ বৰ্মনে এম.বি.এ ডিগ্ৰী লাভ কৰি ২০১১ চনলৈ দিল্লীতে ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰে ৷ ২০১১ চনৰ মাজভাগত তেওঁ ব্যক্তিগত প্ৰতিষ্ঠানৰ চাকৰি এৰি ঘৰলৈ উভতি আহি ২০১২ চনত মুকালমুৱাৰ মেধীপাৰাত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি অঞ্চলটোত মানৱ সম্পদ গঢ়ি তোলাত মনোনিবেশ কৰি আহিছে ৷

( সমৰজিত )

Leave a Reply

Your email address will not be published. Required fields are marked *