মই যদি হলোহেতেন সৌভাগ্যশালী বৰগছ এজোপা, তক্ষকৰ দংশনত ভষ্ম হৈও তপস্বী ব্ৰাহ্মণৰ মন্ত্ৰত
আকৌ ঠন ধৰি লহপহকৈ
সেউজীয়া সিঁচিবলৈ !!!
উৎকট গৰমত সেউজীয়া গছজোপাৰ তলতেই জিৰাই ,
ওপৰৰ পৰা সৰি পৰা
পকা আপেলটোত একামোৰ দিলো ,
এটা জীয়া পোকে কিলবিলাই উঠিছে
আই অ তক্ষকেই আহিল নেকি ছদ্মবেশত, মোক দংশন কৰিবলৈ
ৰক্ষা কৰিবলৈ দেখোন তপস্বী কাশ্যপ নাই?
সাধাৰণ মানৱী হৈ অলীক কল্পনা মোৰ
শমীকৰ ডিঙিত মইটো আৰি দিয়া নাছিলো জংঘলৰ মৰাসাপ ,
শিঙ্গী মুনিৰ অভিশপ্তা হবলৈ ।
ওপৰৰ পৰা সৰি পৰা
পকা আপেলটোত একামোৰ দিলো ,
এটা জীয়া পোকে কিলবিলাই উঠিছে
আই অ তক্ষকেই আহিল নেকি ছদ্মবেশত, মোক দংশন কৰিবলৈ
ৰক্ষা কৰিবলৈ দেখোন তপস্বী কাশ্যপ নাই?
সাধাৰণ মানৱী হৈ অলীক কল্পনা মোৰ
শমীকৰ ডিঙিত মইটো আৰি দিয়া নাছিলো জংঘলৰ মৰাসাপ ,
শিঙ্গী মুনিৰ অভিশপ্তা হবলৈ ।
মোৰ আঁশে পাশে ঘুৰি আছে বহুত তক্ষক আৰু নাগ- নাগিন ,সিহঁতৰ দংশনত ভষ্মিভুত হৈ ,
আত্মবিশ্বাস আৰু সাহসৰ মূলমন্ত্ৰত
পুনৰ সেউজীয়া হঁও ।
আত্মবিশ্বাস আৰু সাহসৰ মূলমন্ত্ৰত
পুনৰ সেউজীয়া হঁও ।