গভীৰ অৰণ্যতো
বিচ্ছুৰিত বৰ্ণালীৰ
সেউজ এন্ধাৰৰ সৈতে
মধুৰ আলিংগণ
বিচ্ছুৰিত বৰ্ণালীৰ
সেউজ এন্ধাৰৰ সৈতে
মধুৰ আলিংগণ
তথাপিও আজি কিয়
নিৰস মন ?
নিৰস মন ?
অ মেঘ
শিমলুবুলীয়া আকাশত
গৰজি থকাতকৈ
আহচোন নামি
এজাক বৰষুণ হৈ ,
শিমলুবুলীয়া আকাশত
গৰজি থকাতকৈ
আহচোন নামি
এজাক বৰষুণ হৈ ,
তই জানো দেখা নাই
জুয়ে পোৰা দুচকুৰ তলৰ
চিৰাল ফটা
মোৰ দুটি ও়ঁঠ।
জুয়ে পোৰা দুচকুৰ তলৰ
চিৰাল ফটা
মোৰ দুটি ও়ঁঠ।