0 00 1 min 2 yrs 45

চেনেহৰ বিহুটি আহিল
মন প্ৰাণ আনন্দত ভৰিল,
কিন্তু সময়ৰ লগত নামি আহিল এক কাল ধুমুহা।।
গছৰ ডালত কপৌফুল ফুলিছে,
বিৰিখৰ আঁৰত লুকাই 
কুলি জনিয়েও সুমধুৰ গীত জুৰিছে।
কিন্তু নাই আজি মানুহৰ আনন্দ।
ঘৰে ঘৰে উঠিছে মৃত্যুৰ ভাবুকি, আৰু যন্ত্ৰণা কাতৰ চিঞৰ।।
বিহুৰ বতৰত গৃহবন্দী আজি
মানৱ।
আত্মীয় সকলকে আদি কৰি মাজত এক সামাজিক দূৰত্বৰ ব্যৱধান।।
মৃত্যুৰ অন্তিম ক্ষণত 
দেখা পোৱা নাই আজি
আপোন জনৰ মুখ,
ক’ত মাতৃ আজি শোকাতুৰ
দেখা নাই সাক্ষাৎ নিজ সন্তানক।।
আজিৰ বিহুৰ বতৰত নাই 
ঢোলৰ চাপৰ
গছৰ তলৰ বিহু খনিৰ আজি উকা মঞ্চ।
হে প্ৰভু,
ঘুৰাই দিয়া আমাক আমাৰ
পূৰ্বৰ শান্তি।
নকৰিবা পৰীক্ষা আৰু তুমি
মহামাৰীৰ ৰূপত। আকৌ সজীৱ কৰি তোলা যেন
শস্য শ্যামলা ধৰণী।
           কৃষ্ণাক্ষী

Leave a Reply

Your email address will not be published. Required fields are marked *