
মুকালমুৱাত নিশা ভয়াবহ পথ দুৰ্ঘটনা ৷
হাজো-দৌলাশাল গড়কপ্তানি পথৰ দমদমা পথাৰত দুৰ্ঘটনা ৷
দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৰ্মপটু যুৱক উৎপল বৰ্মনে ৷
কাপলাবড়িৰ পৰা AS-14K-9395 নম্বৰৰ মটৰ চাইকেলেৰে ঘৰলৈ গৈ থাকোঁতে তীব্ৰ বেগী AS-01EJ-6332 নম্বৰৰ চাৰিচকীয়া বাহনখনে পিছফালৰ পৰা মহটিয়াইছিল উৎপলসহ আন এজনক ৷
নিশাই দুয়োজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও অতি সংকটজনক অৱস্থাত উৎপলক গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে গুৰুতৰভাৱে আহত আনজন জয়ন্ত বৰ্মনকো উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল ৷
নিশা উত্তৰ গুৱাহাটীৰ GNRCত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি হয় উৎপলে ৷
এতিয়াও উত্তৰ গুৱাহাটীৰ GNRCত চিকিৎসাধীন হৈ আছে আনজন আঘাটপ্ৰাপ্ত জয়ন্ত বৰ্মন ৷
ৰামপুৰ দমদমা গাঁৱৰ ৩৭ বছৰীয়া সৰবৰহী যুৱক উৎপল বৰ্মনৰ অকাল বিয়োগত শোকত ম্ৰিয়মাণ হৈ পৰিছে অঞ্চলবাসী ৰাইজ ৷
ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা এল্টো বাহনখন দৌলাশাল আৰক্ষীয়ে জব্দ কৰিছে ৷
মুকালমুৱাৰ পৰা সমৰজিত পাঠক ৷