0 00 1 min 2 yrs 229

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কংকণ শৰ্মাই আজি চৰকাৰী নিৰ্দেশমৰ্মে “বৰক্ষেত্ৰী ৰাজহ চক্ৰ”ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়।

উল্লেখ্য যে তেখেত পশ্চিম কাৰ্বি আংলং লৈ SDO সদৰ হিচাপে বদলি হয়।
২০২০ চনৰ ১৮ ফেব্ৰুৱাৰীত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা ৰাজহ চক্ৰ বিষয়া কঙ্কণ শৰ্মাই যোৱা এবছৰ চাৰি মাহ ধৰি চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি সমূহ বৰক্ষেত্ৰীবাসীৰ সমস্যাসমূহ ক্ষিপ্ৰতাৰে সমাধানৰ চেষ্টা কৰিছিল।
তেখেতে সমূহ বৰক্ষেত্ৰীবাসীক বিভিন্ন সমস্যাৰ সমাধানত তেখেতক আগবঢ়োৱা সহযোগিতাৰ শলাগ লয়।

বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া ডাঙৰীয়াক আজি মুকালমুৱাস্থিত “জ্ঞানপীঠ হাইস্কুল”ৰ শিক্ষক তথা “বৰক্ষেত্ৰী আঞ্চলিক ছাত্র সংস্থা”ৰ উপ-সভাপতি ৰৱেন পাটোৱাৰী আৰু “বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা”ৰ প্ৰাক্তন সভাপতি কামেশ্বৰ হালৈয়ে বিদায়ী সম্বৰ্ধনা জনায়। ৰবেন পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে কঙ্কণ শৰ্মা এজন চৰকাৰী বিষয়াই নাছিল, এজন সাধাৰণ মানুহৰ দৰে সকলো লোকৰ মাজত মিলি সমূহ অঞ্চলবাসীৰ সমস্যাসমূহৰ বুজ লোৱাৰ লগতে ক্ষিপ্ৰতাৰে সমস্যাসমূহৰ সমাধান কৰিবলৈ সক্ষম হয় ।

শংকৰ দাস

Leave a Reply

Your email address will not be published. Required fields are marked *