0 00 6 yrs 204

কবিতা এটা ছটফটাই আছে

তামস নদীৰ পাৰঘাটত
জোনাক ডুবিছে
জোনাক ডুবিছে
খোজ পেঙুৰা হৈ উঠিছে
বৰশিত মকৰা এটা পৰিছে
বৰশিত মকৰা জাল
বৰশিত জোনাকৰ মৌন ওঁঠ
ডুবো ডুবো ৰাতি
ছিগো ছিগো সূতা
আকবিতা এটা যন্ত্ৰনাত কাতৰ হৈ পৰিছে
বাঁহফল যেন মৌন চকু ডুবো ডুবো
ডুবো ডুবো নেমুপাতৰ গন্ধ
মুকবধিৰ কবিতাৰ পেঙুৰা খোজ
হাওলি পৰিব
হাওলি পৰিব
ভালকৈ ধৰ্
ভালকৈ ধৰ্
হাতৰ মঠিত স্থিৰ নহয় নদীৰ ঢৌ
মুকবধিৰ কবিতা এটা ঢলি পৰিল
ঢলি পৰিল ৰাতিৰ গুণগুণনি
বুকুৰ পৰা পাহাৰ খহাদি খহি পৰিল
উদাস চৰাইৰ মৌন নীড়
(সোণীয়াৰ স্মৃতিত…
পাঁচ বছৰ আগতে লিখা)

Leave a Reply

Your email address will not be published. Required fields are marked *