0 00 1 min 2 yrs 166

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক লগ পোৱাৰ

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক লগ পোৱাৰ পাছতে নগাঁৱৰ ধিঙৰ উদীয়মান শিল্পী ভৰতজ্যোতি দেৱনাথৰ অন্য এক পদক্ষেপ ।

বিশ্বৰ বুকুত বাহ শিল্পৰে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ব্যস্ত হৈ পৰিছে ভৰতজ্যোতি দেৱনাথে ।

বিগত কেইবাটাও বছৰ ধৰি বাঁহ শিল্পৰ লগত জড়িত ভৰতজ্যোতি দেৱনাথৰ অন্য এক উল্লেখনীয় পদক্ষেপ । বিগত বহু সময়ত বাতৰি সম্প্রচাৰিত হৈ বিশেষ ভাৱে চৰ্চা লাভ কৰি আহিছে ধিঙৰ বেটকাতিৰ এইজন উদিয়মান যুৱক ভৰতজ্যোতি দেৱনাথে ।তেখেতৰ হাতৰ পৰশত সুন্দৰকৈ নিপুণতাৰে সাজি উলিয়াব পাৰে বাঁহৰ সাজপোছাকৰ লগতে আ-অলংকাৰ । মনত আছে অদম্য হেঁপাহ আগ্ৰহ আৰু একাগ্রতা । বিগত সময়ত ভৰতজ্যোতি দেৱনাথে একক প্রচেষ্টাৰে চলাই আহিছে বাহশিল্পৰ কামকাজ সমূহ । মনত পুহি ৰখা সপোন বাস্তৱায়িত কৰিবৰ বাবে এবাৰ লগ পোৱাৰ হেঁপাহ আছিল মুখ্যমন্ত্ৰী গৰাকীক । কাৰণ নিজৰ এই শিল্পৰাজী অব্যাহত ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন নাছিল । এটা সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰা যুৱকজনে দিনৰ ভাগত গাড়ী ভাড়া মাৰি কোনো মতেহে জীৱিকা নিৰ্বাহ কৰি আহিছিল ।দিনটো গাড়ী ভাড়া মাৰি নিশা নিশা টো উজাগৰে থাকি তৈয়াৰ কৰি গৈছিল বাঁহৰ সাজপোছাকৰ লগতে আ অলংকাৰ সমূহ ।সেয়েহে যোৱা ২৫ তাৰিখে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক লগ ধৰি নিজ হাতেৰে নিৰ্মাণ কৰা এখনি বাহৰ গামোচা আৰু এটা বাহৰ পাগুৰী উপহাৰ হিছাপে নিজে পিন্ধাই সন্তোষ অনুভৱ কৰিলে যুৱকজনে ।তেখেতৰ অলপমান আৰ্শীবাদ আৰু প্ৰেৰণাই উদীয়মান যুৱক জনৰ বাবে এতিয়া অন্য এক লক্ষ্য ।বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আনে নোৱাৰা কাম কৰিবলৈ যেন অহৰহ প্ৰচেষ্টা । বাণিজ্যিক ভাৱে সফল হব নোৱাৰিলেও নিজৰ লগতে আন পাঁচটা পৰিয়ালৰ জীৱিকা পথ প্ৰসস্থ কৰিলে ভৰতজ্যোতি দেৱনাথে ।এসময়ৰ এজন সাধাৰণ গাড়ী চালকৰ এনে পদক্ষেপে বাৰুকৈয়ে দৃষ্টি আকর্ষণ কৰিছে সচেতন মহলক ।

ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপ’ৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *