ওলমি ৰৈছে সাতটা দশকে
কালজয়ী গীতটিও স্তব্ধ হৈ ৰ’ল
স্বাধীন অসমৰ সপোন হঠাতে কেনি গ’ল?
সত্তৰ-আশী দশকৰ মাজভাগৰে কথা
মোৰ আইয়ে বৰকৈ কন্দা
তৰিলে দেশ মৰিলে স্বৰ্গ
অসমীয়া ডেকাৰ ৰণহুংকাৰ
আজি সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল।
এচাম সুবিধাবাদী ৰাজভোগত মতলীয়া
এচাম আকৌ স্বাধীনতাৰ দুৱাৰ বিচাৰি
হ’লগৈ অৰণ্যৰ যাযাবৰী
ন্যেপথ্যত অলেখ কিবাকিবি………..
পুত্ৰক হেৰুওৱা মাতৃ গৰাকীৰ ক্ৰন্দন
বিষণ্ণমনৰে এতিয়াও ন্যায় বিচাৰি ফুৰে
হায় মোৰ স্বাধীনতা তোমাৰ কিমান সততা
জোনাক বিহীন নিশাত কোনে কাৰ চকুপানী দেখে?
বন্যাতই কৰে হাহাকাৰ এমুঠি ভাতৰ বাবে
মাটি-বাৰী সৰ্বস্ব হেৰুৱাই দিশহাৰা
কিমান দৌৰিব আৰু মথাউৰিলৈ
বিপন্ন সময়ত সান্ত্বনা দিব কোনে?
পথ আজি সংকীৰ্ণ স্বাধীনতাৰ বাটলৈ
বজ্ৰ নিনাদ , সত্যাগ্ৰহ আৰু কিমান
সকলো শুকুলা মেঘৰ সৈতে বিলীন হৈ গ’ল
ওলমি ৰ’ল এখন ধূসৰ ছবি
বৰ অসমৰ ছবিখন তাহানিতে জাহ গ’ল।