0 00 2 yrs 45

ওলামগৈ এদিন দিচাং নৈৰ বুকুত লাহৰি
থাকিবা তুমি বলুকাত বহি,
পাতিম দুয়ো দুয়োৰে কথাবোৰ 
নৈৰ বুকুত নাও মেলি গাই যাম ঐনিতম এফাঁকি।
তোমালোকৰ ঘৰত যোৱা দিনৰে কথা
ৰিবিগাচেং পিন্ধি চকুলৈ চাই হাঁহি মৰা,
বানবাটিত ছাঁই আপং সৈতে দিয়া বাঃনাম
প্ৰথম চকুত পৰা অনামি শিহৰণ একোকে পাহৰা নাই।
তুমি ঐনিতম জুৰিছিলা, মই শুনিছিলো নীৰৱে
আপঙৰ ৰাগিত গুমৰাগ বজোৱা
ঘূণাসুতিত আশা নিৰাশাৰ কান্দোন জুৰা
একোকে পাহৰা নাই। 
শেষ হৈ যোৱা নাই আজিও সেই ৰং, একেই আছে গতিপথ
খলাবমা বাট, সাকোঁৰে পাৰ হোৱা সময়ছোৱা
বকুলতলত অস্তগামী সূৰুযে সিঁচি দিয়া ৰঙৰ মেলা
একোকে পাহৰা নাই।
তুমি দিয়া মিবুগালেগ যোৰ পিন্ধি
ওলামগৈ এদিন তোমাৰ পদূলিলৈ
মহঘূলি চাপৰিৰ বাকৰিত বহি
পুনৰাই লৃগাঙলৈ বাট চাম।

Leave a Reply

Your email address will not be published. Required fields are marked *