0 00 3 yrs 121

মোৰ আইৰ‌ ঠিকনা 

এধানি মৰমৰ হাঁহিত 
সৃষ্টি হয় স্নেহৰ আৱৰণখনী ।
জোনাক ৰাতি ৰিণিকি ৰিণিকি
মনত পৰিছে আই তোমালৈ
তৰাৰে ভৰা আকাশৰ বুকুত 
আছে নেকি মোৰ আইৰ মিঠা অনুভৱ
দূৰৰ পাহাৰত প্ৰতিধ্বনি শুনিছোঁ
মোৰ আইৰ হাঁহিৰ‌ শব্দ ।
আবেলিৰ‌‌ আকাশে জগায় তুলিছে
সুপ্ত মোৰ কলিজাত হাহাকাৰ ।
মোৰ অন্তৰত উথলি উঠে মাথো
কৰুণ বিননী 
মোৰ বুকুৰ আমঠু আইজনীক বিচাৰি
 নদীৰ বুকুৰ ঢৌবোৰত ৰূপালী জোনাকৰ চিকমিকনি পৰিছে
আৰু মোৰ মন‌ ,মোৰ আইক বিচাৰি বলিয়া হৈ ফুৰিছে
দিব নেকি কোনোবাই বিচাৰি
মোৰ আইৰ ঠিকনা ।
হে আকাশ তোমাৰ তৰাৰে ভৰা বহল বুকুত পাম নেকি ?
মোৰ‌ আইৰ ঠিকনা ।
   অৰ্চনা  শইকীয়া

Leave a Reply

Your email address will not be published.