0 00 1 min 3 yrs 143

চাৰিও ফালে বন্ধ এটা সৰু?কোঠালী হৈছে,

মোৰ বৰ্তমানৰ ঠিকনা……..।
ৰ’দ বতাহ সোমাব নোৱাৰা যেন এটা,
জেল খানা……..।
কয়দি বোৰৰ দৰে লাগে কেতিয়াবা নিজক,
যত নিজস্ব বুলিবলৈ আছে মাথো,
উশাহ বোৰ……..।
বাকী সকলো বোৰ নিয়ন্ত্ৰন কৰে 
কোঠালীটোৰ গৰাকীয়ে……।
দিনটোৰ বেছি ভাগ সময় গোলাম
খাতোটেই যায়……।
বান্দী হৈ জীৱন কটোৱা যেন
এক অপৰাধ…..।
কৰ্‌কৰা মৰা ভাত মুঠি খাই জীয়াই আছো।
নাজানো ইয়াৰ অন্তৰালত কি আশা
এতিয়াও বাকী আছে……।
আজিও আন্ধাৰ ৰাতি বোৰে এটা দৈত্যকাৰ ৰূপে
মোক আগুছি ধৰে……।
আগন্তুক আহিব লগা পৰিস্থিতিৰ সংকট  ঘণ্টা
বাজে মনত……।
মনটো উৰা মাৰে শৈশৱলৈ মাৰ বুকুৰ
নিৰাপদ স্থলী বিচাৰি…..।
সন্ধ্যা বোৰত চলি আছে ঈশ্বৰৰ বন্দনা
ব্ৰহ্মা,আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
নাজানো কণা গোঁসাইয়ে শুনিছেনে
প্ৰাৰ্থনা বোৰ……।
কিন্তু অবিৰত ভাৱে চলি আছে নাৰী হোৱাৰ
ধৰ্ম…….।
ৰাতি আধা প্ৰহৰ যোৱাৰ পাছত দৰ্জাত
অশ্লীলতা ভৰা তুকৰ…..।
উৎকট ভেকেতা মৰা গোন্ধ বমি আহিব
মোৰ……।
সম্ভাষণত পলম হোৱাৰ বাবেই পেটত পছন্দ
গোৰ……।
উসঃসহ্যৰো এটা সীমা থাকে কিন্তু অৱলা নাৰীৰ
বাধা দিয়াৰো অধিকাৰ নাই…..।
চেঁচা মজিয়াত চিত্‌খাই পৰি আছো
নিগৰি অহা অশ্ৰুৰ বেদনা বুকুতে 
কবৰ দিছো…….।
পত্নী নামৰ উপাধিটোৰ পৰা নিজক বচাবলৈ
শয়ন কোঠা কেতিয়াবাই বাদ দিছো
তথাপি বিষাক্ত সাপ এডালে মেৰিয়াই 
গ্ৰাস কৰে মোক……..।
ক্ৰমে শৰীৰত চলে অস্তিত্ব ৰক্ষাৰ
শেষ যুদ্ধ খন……..।
প্ৰবল প্ৰতাপী ক্ষমতাৰ বন্ধনিত মই যেন দাসত্ব স্বীকাৰ 
কৰি লঁও…..(এইয়াই নাৰী হোৱাৰ যান্ত্ৰনা)
মনত এক তীব্ৰ ক্ষোভ জাগে….
পুৰুষৰ প্ৰধান আকৰ্ষণ,
জৰায়ু নামৰ উৰ্বৰা শক্তিক
দেহৰ পৰা আজুৰি পেলাবলৈ মন যায়।
ভাগৰুৱা নিথৰ শৰীৰটোক চাই নিজেই কপিলো।
বস্ত্ৰ বিহীন নিৰ্যাতিত মই হ’লো
পত্নী নামৰ গণিকা……।
পাৰ্থক্য এটাই মই হ’লো সামাজিক ভাবে স্বীকৃতি 
প্ৰাপ্ত…..।
আৰু আন বোৰ পেটৰ তাড়নাত সৃষ্টি হোৱা
বেশ্যা……।
সঁচাকৈ নাৰী হৈ জন্ম লাভ কৰা ইমান সহজ নহয়…..।
পুনৰ এটি গধুৰ নিশা পাৰ হয় গল….
ধুমুহাৰ লগত সহবাস কৰি বহু নাৰী এইদৰে জীয়াই আছে…….
“পত্নী “নামৰ ভোৱা অলংকাৰ পিন্ধি উজ্জ্বলাই ৰাখিছে  শিৰৰ সেন্দুৰকণ…..!
কিন্তু পুৰুষ প্ৰধান সমাজত আজিও পত্নী মানে
অদৃশ্য মুদ্ৰাৰে ক্ৰয় কৰা একোজনী ক্ৰীতদাসী ৷

প্ৰিয়কা প্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *